Musta zaz. I'm in Love with Hasina Maknun


দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)'ৰ উক্তিঃ (1) যিজনে তোমাৰ সন্মুখত দোষ ধৰে সি প্রকৃত বন্ধু, আৰু যিজনে সন্মুখত প্রশংসা কৰে সি শত্রু।  ✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) (2) "যি ব্যাক্তি সৃষ্টিকর্তাক ভয় কৰে, সৃষ্টিকর্তা তাৰ চলাৰ পথ সহজ কৰি দিয়ে, যি ব্যক্তি সৃষ্টিকর্তাৰ ওপৰত প্রবল বিশ্বাস ৰাখে, সৃষ্টিকর্তা তাৰ ইচ্ছা অপূর্ণ নাৰাখে।" ✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) (3) "দিনৰ পোহৰত এনেকোৱা কাম নকৰিবা, যাতে ৰাতিৰ টোপনি নষ্ট হয় আৰু ৰাতিৰ অন্ধকাৰত এনেকোৱা কাম নকৰিবা, যাতে তুমি দিনৰ পোহৰত মুখ লুকুৱাই থব লগা হয়! ✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) (4) "ধনীয়েই হওক বা দুখীয়াই হওক এদিন যাব লাগিব একেই স্থানত !!! আপুনি ধনী বুলিয়েই দুখীয়াক অৱহেলা কৰিব, ঘৃনা কৰিব; কিন্তু মৃত্যুৰ পিছত কি কৰিব? তাত তো চিনি পোৱাৰ উপায় নাই, আপুনি ধনী নে দুখীয়া।" ✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) (5) "কাৰোবাক কষ্ট দি সুখত থকাৰ আশা কৰা মুর্খামীৰ (বোকামি) বাহিৰে তো আন একোৱেই নহয়, মনত ৰাখিবা, ইয়াতকৈও প্রখৰ কষ্ট তোমাৰ বাবে অপেক্ষা কৰি আছে"l  ✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) (6) লোভৰ মুখামুখী নোহোৱা পর্যন্ত কাৰোৰ দ্বীনদাৰীৰ পৰীক্ষা নহয়। ✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) (7) ভুল কৰা কাৰোবাৰ দোষ নহয়, দোষ সেইটো- ভুল বুলি জানিও কাৰোবাক সেই ভুলৰ লগত জড়িত কৰি জীৱন ধ্বংসৰ দিশত ঠেলি দিয়া। ✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) (8) সাপ যখন জীৱিত থাকে তেতিয়া পিপৰা(কিট পতংগ) খায়। আকৌ সাপ যেতিয়া মৰি যায় তেতিয়া পিপৰাই(কিট পতংগই) সাপক খায়। সময় কেতিয়াবা কেতিয়াবা বদলি হয়! ✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু) (9) এটি গছ দি কেইবা লাখ মেচৰ কাঠি তৈয়াৰী কৰিব পৰা যায় আকৌ এটি মেচৰ কাঠি দি কইবা লাখ গছ পুৰি দিব পৰা যায়। ✏ দ্বিতীয় খলীফা হজৰত ওমৰ (ৰাদিআল্লাহু আনহু)

Comments

Popular posts from this blog

মোৰ প্রেমিক কবিলৈ এটা প্রেমৰ কবিতা 📝MUSTA ZAZ

10 secret of success ,Shayari Ki Duniya. @ Musta zaz @ MAKNUN @