MUSTA ZAZ + HASINA MAKNUNমোৰ প্রেমিক কবি,
কেনে আছা তুমি
আৰু তোমাৰ কবিতা?
এতিয়াও চকুৰ পতাত ফুলি আছেনে
জাপ জাপ কুমলীয়া
কবিতাৰ সপোন?
ৰাতিৰ বুকুত কাণ থৈ আজিও শুনানে
নিশব্দ নিজৰাৰ গান?
বহুত দিনেইতো হ'ল
তোমাক নেদেখা, মোৰ প্রেমিক কবি,
মনত পৰেনে তোমাৰ
কৈছিলা তুমি, তোমাৰ এটি হাঁহি
যিয়ে পাৰ কৰায় অযুত উজাগৰী ৰাতি?
তোমাৰ সেই কথাই
বোৱাই আনিছিল হৃদয়লৈ জোনাকৰ ঢল,
উৰুৱাই আনিছিল ভাবনাৰ সহস্ৰ নীলাভ চৰাই
তুমি মোক ভালপাওঁ বুলি কোৱাৰ দিনা
মই কান্দিছিলো মই হাঁহিছিলো
মই হেঁপাহত বুৰিছিলো
আৰু এদিন এটা ছাইৰঙী আবেলি
তোমাৰ পৰা বিদায় লৈ মই গুছি আহিছিলো
সপোনৰ সোণালী দবাত উঠি কোনো দূৰ প্রান্তলৈ
সিদিনা তোমাৰ উদাস দুচকুত দেখিছিলো
এটা শূন্যতাৰ কবিতা
তুমি ৰৈ গলা তাতে
হৈ এটা বসন্তৰ সেউজীয়া ষ্টেচন
মই যে আহিবই লাগিব
মোৰ বুকুৰ গভীৰত আছিল
অনামী যাত্ৰাৰ এক শীতাৰ্ত টিকেট।
তুমিহীনতাৰ যন্ত্ৰণাতMUSTA ZAZ+HASINA MAKNUN
তুমিহীনতাৰ যন্ত্ৰণাত
মোৰ দিনবোৰ ৰাতি,
আাৰু ৰাতিবোৰ শেষ নোহোৱা হৈছে
তুমি মোক আকাশ চাবলৈ শিকাইছিলা
তুমি মোক কবিতা লিখিবলৈ শিকাইছিলা
তুমি সুৰ হৈ মোৰ বুকুৰ মাজত সোমাইছিলা
সেয়েহে তুমিহীনতাৰ যন্ত্ৰণাত চাটি-ফুটি কৰি মৰোঁ
তুমি আছিলা মোৰ বাবে মোপাছাঁৰ১ গল্পৰ দৰে
শেষ হৈয়ো নহ’লা শেষ
তুমি আছিলা মোৰ বাবে কীটছৰ২ এটি কবিতা
heard melodies are sweet,
but those unheard are sweeter…৩
সঁচাকৈ, বিদ্যাশপত
বৰ কষ্ট হৈছে, বৰ কষ্ট
সমাপ্তিৰ আখৰাবোৰে বৰকৈ হাঁহে
আশা আৰু অপেক্ষাৰ মাজত আছিলা তুমি
সেইবাবে শীতৰ পাৰ হৈ যোৱা প্ৰতিটো সন্ধিয়াই
তোমাৰ কথাকেই কৈছিল
এতিয়া হৃদয়খন শূন্যতাৰে ভৰি পৰিছে
ভালপোৱাবোৰ হৈ পৰিছে যন্ত্ৰণা
কাকো নোকোৱা কথাবোৰ তোমাকো ক’ব নোৱাৰিলো
তাৰ বাবে মোক ভুল নুবুজিবা
কাৰণ আজিও তোমাক চোৱাৰ এটা হেঁপাহে
বুকুত খুঁচি থাকে অহৰ্নিশে
llআঘাতll
আঘাত
Musta zaz+Hasina Maknun
অৱধাৰিতভাবেই
তুমি গুচি গলা,
এটা অজুহাত লৈ ।
মইতো জানিছিলোৱেই,
অহাৰ বাটেৰে এদিন
গুচি যাবা বুলি ,
তথাপিও তোমাৰ বাবেই পিন্ধিছিলো
সেউজ বুলীয়া সুখৰ সাজ
খোপাত গুজি লৈছিলো
শুভ্ৰ খৰিকাজাই।
জানিছিলো ভালদৰেই
আঘাতৰ বাহিৰে নো
কি আনিবা উপহাৰ,
তথাপিও গাঠিছিলো
তোমাৰ বাবে
বহু ৰঙী ফুলৰ মালা,
পোহৰাই ৰাখিছিলো
হৃদয়ৰ প্ৰতিটো কোঠা।
আৰু সঁচাকৈয়ে আজি,
মোৰ পৰাই মোক ,
আজুৰি চিঙি,
ভৰিৰে মোহাৰি ,
উপশমহীন এক যন্ত্ৰণাত ডুবাই
তুমি গুচি গলা ।
আৰু এতিয়া স্বাভাৱিকতেই
আঘাতত অভ্যস্ত মই
দুখৰ পোচাক পিন্ধি ,
শূন্যতাত মুখ গুজি,
মেৰামতি কৰিম
দুখৰ ভৰত
ক্ষত- বিক্ষত মোৰ,
তেজে তুমুৰলি হৃদয়,
পুনৰ কোনো
আঘাতৰ বাবে l
॥হেৰুৱা সপোন ॥
হেৰুৱা সপোন এটাৰ
পম খেদি অনাই বনাই ঘূৰি ফুৰোতেই
লগ পাইছিলো তেওঁক ।
তেওঁ সপোনটোলৈ বাট দেখুৱাব খুজিছিল
আৰু সংগী হোৱাৰ কথা দিছিল
আৰু মই --
তেওঁৰ সতেই আগবাঢ়িছিলো
হাতে হাত ধৰি ।
আৰু এদিন
এজাক ধুমুহা অহাৰ উমান পাই
তেওঁ আতৰি গৈছিল
মোক অকলশৰীয়া কৰি।
আৰু মই ?
মই ধুমুহাত ভাগি পৰিছিলো,
দুখৰ শীতত বৰফ হৈছিলো
আৰু লাহে লাহে
পাহৰি পেলাইছিলো মোৰ সপোনটো ,
তাৰ পিছত ,
বৰ সযতনে গঢ়ি লৈছিলো
এখন দুখৰ প্ৰাচীৰ
মোৰ বৰফ হৈ যোৱা
হৃদয়ৰ চাৰিওফালে ।
কাৰণ ,
মই আৰু সপোন দেখিব খোজা নাছিলো
আৰু এইবাৰ--
তুমি আহিছা,
মোক ভালপোৱাৰ কথা কৈছা,
সপোন দেখুৱাব খুজিছা,
আৰু কি আচৰিত !
তোমাৰ প্ৰেমৰ উত্তাপত
মই গলিবলৈ আৰম্ভ কৰিছো l
Comments
Post a Comment