MUSTA ZAZ + HASINA MAKNUN মোৰ প্রেমিক কবি, কেনে আছা তুমি আৰু তোমাৰ কবিতা? এতিয়াও চকুৰ পতাত ফুলি আছেনে জাপ জাপ কুমলীয়া কবিতাৰ সপোন? ৰাতিৰ বুকুত কাণ থৈ আজিও শুনানে নিশব্দ নিজৰাৰ গান? বহুত দিনেইতো হ'ল তোমাক নেদেখা, মোৰ প্রেমিক কবি, মনত পৰেনে তোমাৰ কৈছিলা তুমি, তোমাৰ এটি হাঁহি যিয়ে পাৰ কৰায় অযুত উজাগৰী ৰাতি? তোমাৰ সেই কথাই বোৱাই আনিছিল হৃদয়লৈ জোনাকৰ ঢল, উৰুৱাই আনিছিল ভাবনাৰ সহস্ৰ নীলাভ চৰাই তুমি মোক ভালপাওঁ বুলি কোৱাৰ দিনা মই কান্দিছিলো মই হাঁহিছিলো মই হেঁপাহত বুৰিছিলো আৰু এদিন এটা ছাইৰঙী আবেলি তোমাৰ পৰা বিদায় লৈ মই গুছি আহিছিলো সপোনৰ সোণালী দবাত উঠি কোনো দূৰ প্রান্তলৈ সিদিনা তোমাৰ উদাস দুচকুত দেখিছিলো এটা শূন্যতাৰ কবিতা তুমি ৰৈ গলা তাতে হৈ এটা বসন্তৰ সেউজীয়া ষ্টেচন মই যে আহিবই লাগিব মোৰ বুকুৰ গভীৰত আছিল অনামী যাত্ৰাৰ এক শীতাৰ্ত টিকেট। তুমিহীনতাৰ যন্ত্ৰণাত MUSTA ZAZ+HASINA MAKNUN তুমিহীনতাৰ যন্ত্ৰণাত মোৰ দিনবোৰ ৰাতি, আাৰু ৰাতিবোৰ শেষ নোহোৱা হৈছে তুমি মোক আকাশ চাবলৈ শিকাইছিলা তুমি মোক কবিতা লিখিবলৈ শিকাইছিলা তুমি সুৰ হৈ মোৰ বুকুৰ মাজত সোমাইছিলা সেয়েহে তুমিহীনতাৰ য
Comments
Post a Comment